1)"..তোমাক নোপোৱাৰ বেদনাত চকুলো নিগৰে.."
মই মৰি মৰি জীয়াই আছো তোমাৰ
অপ্ৰেক্ষাত ♡♡ ♡
তুমিহীনতাৰে জীয়াই থাকিব পৰা
নাই মাথো পাৰ কৰিছো দিনৰ
পাছত দিনবোৰ..........,
তোমাক মই ভাল পাও, ভাল পাও
আজিও______
তোমাৰ কাজল সনা দুচকুলৈ চালে
চাইয়ে থকাৰ এই দূৰভগীয়া প্ৰেমিকৰ
কথা পাহৰি গৈছা চাগে ?
তোমাৰ লগত কটোৱা প্ৰতিটো পল
বাৰে-বাৰে ভাহি আহে মোৰ
দুচকুৰ আগত, তোমাক হেৰোৱাৰ
বেদনাত চকুলোৰে মূৰৰ শিতান
তিয়াই পাৰ কৰো উজাগৰী
নিশাবোৰ.............
তুমি এৰি যোৱাৰে পৰা নিসংগতাৰে
পাৰ কৰিছো প্ৰতিটো দিন , প্ৰতিটো
ৰাতি,, তুমিহীনতাৰে মই কেনেকৈ
আছো এবা চাই যাবাহি চোন এই
দূৰভগীয়া প্ৰেমিকক.........
2) আজি সকলোৱে কয় ....এদিন হাঁহি ফূৰ্তি ধেমালি কৰি কথা পাতিলে প্ৰেম নহয়। এদিন দেখাতেই প্ৰথম চাৱনিতে প্ৰেম হব পাৰে জানো....????
এই প্ৰশ্নটোৰ উত্তৰ আজি কাৰো হাতত নাই। কিছুমানে কয় তেনেকৈ প্ৰেম ভালপোৱা কেতিয়াও হব নোৱাৰে। কিন্তু নিবিৰৰ হৈছিল । এদিন দেখিয়েই পপীৰ প্ৰেমত পৰিছিল। তাইক প্ৰথম দেখোতেই হৃদয়ত এক অবুজ শিহঁৰণ অনুভৱ কৰিছিল । হৃদয়ৰ ধুমুহাজাক খুব সঘনে বলিব লৈছিল । শিৱসাগৰৰ সেই চিনাকি বাছ স্টেন্ডত ৰৈ আছিল সি। তেনেতে সিফালৰ পৰা পপী বাছলৈ বুলি আহিছিল । তাই পিন্ধি অহা হালধীয়া মেখেলা যোৰ সৈতে খুব ধুনীয়া লাগিছিল । ওঁঠত অনবৰত লাগি থকা মিচিকিয়া হাঁহিতো..... কলা কাজলত জিলিকি থকা চকুদুটি..... উস....সেই চকুুযুৰি যেন তাৰ বহুদিনৰ চিনাকী । কত দেখিছিল.....সি.... নাই আগতে দেখা নাই । পিঠিলৈকে পৰি ৰোৱা চুলিকোছা...... বাঃ কিমান ধুনীয়া তাই... এয়াই চাগে অসমীয়া গাভৰুৰ পৰিচয় । তাইও তাৰ ওচৰতে থিয় হল.... নিবিৰে চাঁও নাচাঁও কৈ তাইৰ মুখলৈ এবাৰ চাইছিল । তাৰ বুকুখন ধান বনা দি বানিব ধৰিছিল । ভয় মাথো তাইৰ চকুত চকু থৈ চাবলৈ.......।।
""আজি বাছ লেট আছেনি...??" -- পপীয়ে সুধিলে ।
""নাই আহিব হল.... তোমাৰ নামটো..""--নিবিৰে সুধিলে ।
" পপী....আপোনাৰ. নাম....?"
""মই নিবিৰ.. ... পঢ়ি আছানে....?""
" নাই .....এনেই...."
সেইদিনাই তাইৰ হতে প্ৰথম চিনাকি । পাতো নাপাতোকৈ বহু কথাই পাতিলে । বহুদিনৰ বান্ধৱীক লগ পোৱাৰ দৰে হাঁহি হাঁহিয়েই কৈ থাকিল । সদায় সদায় সেই একেটা স্টেন্ডতে লগ পাই ।.... নিতৌ এটি এটি নতুন কথাৰ আলোচনা কৰাত ব্যস্ত হৈ পৰে। দুয়ো ভাল বন্ধু হল। কিন্তু নিবিৰৰ মনত যে আন এটা কথাই সদায় তাক ধৰফৰাই ৰাখিছিল । কব খুজিও কব নোৱাৰিছিল... হৃদয়ত সাঁচি ৰখা গোপন ভাষাবোৰ । কেনেকৈ কব ভালপাওঁ বুলি.....
হঠাৎ এদিন তাইক কৈয়ে পেলালে..... মই তোমাক ভাল পাই পেলাইছো পপী..... তুমি যদি সহাঁৰি দিয়া..... এই ভালপোৱা কেতিয়া হল,,কেনেকৈ হল গমকে নাপালো ।
পপীয়ে মাথো তাৰ শেঁতা পৰা মুখখনলৈ চাই ৰল।
পপী তুমি মোক একো বুলিয়ে নোকোৱা নে....??
পপীয়ে বহু সময় মনৰ ভিতৰতে ভুৰভুৰাই থাকিল । তাৰ পিছত কঁও নকঁওকৈ কলে...." মই আজি জনাব নোৱাৰিম । মোক ভাবি লব দিয়া ।মই কালিলৈহে জনাব পাৰিম ।"
"" ঠিক আছে তুমি কালিলৈয়ে জনাব বাৰু"" নিবিৰৰ মুখত এটা হাঁহিৰ ঢৌ ফুটি উঠিল । নিবিৰে সিদিনা ৰাতি টোপনি যাব নোৱাৰিল । তাই কি বুলি উত্তৰ দিব । যদি না কৰে তেন্তে বন্ধু হিচাপত থাকিম বুলিয়েই ঠিৰাং কৰিলে । ৰাতিপুৱা সোনকালে শুই উঠি প্ৰত্যেক দিনা যোৱাৰ দৰে আজিও গৈছে । তাৰ জীৱনৰ এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ বিচাৰি। বাছ স্টেন্ডত অকলে অকলে ৰৈ আছে সি....ক'তা পপীৰ অহাৰ সময়তো পাৰ হৈ গল । এতিয়ালৈকে অহা নাই কিয়.....??
দিনৰ দিনটো তেনেকৈ তাতে পাৰ কৰিল । ফোন কৰিছে মোবাইলতো Switch off. কি হল এদিনোতো ফোন বন্ধ কৰি নাৰাখে..... হঠাৎ এই পৰিৱৰ্তন কিয়....??
সেইদিনা তেনেকৈয়ে গল। তাৰ পিচদিনাও একেদৰেই ৰৈ থাকিল । তথাপি তাইৰ খবৰ খাতি নাই । আজিলৈকে তাইৰ খবৰ নাই । এবাৰতো কৈ যোৱাহি পপী.... মই কি ভুল কৰিলো.....?? তোমাৰ উত্তৰ দিয়া । তাৰ অবিহনে মই সুখী হব নোৱাৰিম । তুমি যদি ভাল নোপোৱা মোক কৈ দিয়া.... এটা আশাৰ কিয় বলি কৰি ৰাখিচা মোক.... ???
3) মই আজিও ৰৈ আছো তোমালৈ ......
তোমাক দিবলৈ বুটলিছো পদূলিমূৰৰ শেৱালি.......
আজি তোমাক সোণ বোলোয়ে নে ...কি বোলো.....???
তুমি আহিবা আহিবা বুলি.....
চাই থাকো মোৰ মৰমৰ জুপুৰিটো ...।।
নাই আজি.....কোনো নাই মোৰ হৃদয়ত ।
তোমাৰ বাদে মোৰ হৃদয়ৰ থাপনাত...
আনক জানো বহাব পাৰো.....??
চাই যাবাহি..... আজিও মোৰ
হৃদয়ৰ এটি এটি তেজৰ মোহনাত.....
তুমি জিলিকি আছা...।।
আজি আতৰি নাযাবা.....নকবা আতৰি যাওঁ বুলি..... মোৰ দুখ লাগে.... নিৰলে নিৰৱে কান্দিব খোজে মোৰ হৃদয়ে......।।
মোৰ চকুযোৰিলৈ চোৱা.... কি দেখিছা....
চকুৰ পাহিবোৰ কলা পৰিছে ন......
পৰিবইতো.... ৰাতি ৰাতি কান্দিছো যে যিহেতু .!!
4) জীৱনত সদাই দুটাই পোৱা যায় সুখ আৰু দুখ । সুখতকৈ দুখ মানুহ জীৱনলৈ বেছি পৰিমানে আহে সুখ জীৱনত হথাৎ আহে আৰু হথাৎ নোহোৱা হয় ।সুখ যেতিযাই মানুহৰ জীৱনলৈ আহে তাক আদৰি লৈ হাঁহি ধেমালিয়ে সেই সময় চোৱা পাৰ কৰিব লাগে । দুখ আহিলে কেতিযাও নিজে দুখত পৰিছো বুলি ভাবিব নালাগে পৃথিৱীত এনেকোৱা মানুহ বহোত আছে যাৰ গোটেহ জীৱনটো অকল দুখ পাই আহিছে । দুখ আতৰাই সুখ আদৰি লোৱাটো আমাৰ নিজৰ কর্তব্য । মানুহে কেতিযাও দুখি হব নালাগে সদায় সুখত থাকিবা...
5) শুকুলা ফুল পাহিত দিলা ৰং সানি
কৰেনো তুমি পখিলা ঐ,
মোৰ পাহিত মৌ সানি
উৰা মাৰিলানো কোন খন বাগিছালৈ।
দিলা পাহিত ৰং সানি
দিলা প্ৰেমৰ বোল,
তোমাৰ প্ৰেমত পৰি হৈ
পৰিছো অতি ব্যাকুল।
কলৈ গলানো অ'
মৰম লগা পৰি,
তোমাৰ বাবেই পালো এই ৰং
তোমাৰ বাবেই দিম
ৰঙৰ দলিছা খন পাৰ...
6) প্ৰেমে হহোঁৱাই.....প্ৰেমে কন্দুৱাই ........
প্ৰেমে মানুহৰ কলিজা...খুলি খুলি খাই...!!
জানি বুজিও মই তোমাৰ প্ৰেমত পৰিছিলো । কত সপোন.... কত আশা জোখতকৈ বেছি কৰিছিলো । তোমাৰ মুখৰ মিঠা মিঠা শব্দবোৰে মোক পাগল কৰি তুলিছিল । ভবাই নাছিলো কিছুমান সপোন দেখিবলৈ যে এতিয়াও মোৰ সময় হোৱা নাই । কত সৃষ্টি হল প্ৰেম নামৰ শব্দটো । কোনে উলিৱালে .....?? যাৰ বাবে আজি ইমান কস্ট ভুগিছো । মানুহে দেখিব বুলি ৰাতি ৰাতি কান্দি দিওঁ হৃদয়ৰ অবুজ স্মৃতিবোৰক লৈ। মোক নিতৌ কন্দুৱাই সেই আধা ভঙা আধা ছিঙা সপোনবোৰে ।। বাৰে বাৰে ওলাই যাব বিচাৰো প্ৰেমে গৰকা দিনবোৰৰ পৰা। কিয় হল মোৰ লগত এনেকুৱা....??? চাবা.... সোণ আজি তুমি মোৰ কাষত নাই কিন্তু এনে এদিন আহিব মোকো কোনোবাই পাগলৰ দৰে ভাল পাব লব আৰু তাইৰ মৰমৰ মাজত তোমাক পাহৰিব পাৰিম......সেয়া মই জানো । তুমি সুখী হোৱাগৈ........ চিৰদিন ।।
7) তোক বিচাৰো সদায় মোৰ
কাষতে...
গোটেই জীৱন তোৰ লগত পাৰ
কৰি দিব বিচাৰো ৷ তোৰ বুকুৰ
মাজতেই কটাব বিচাৰো...অসুখ
হলে তোৰ যত্ন অলপ বিচাৰো সদায়, আজিৰ দৰেই ৷ তোৰ
দুবাহুৰ মাজতেই পাৰ কৰি দিব
বিচাৰো জীৱনৰ জটিল
ক্ষণবোৰ ৷
কেতিয়াবা ভয় খাই দৌৰি আহি
তোৰ বুকুত মুখ গুজি সাবটি ধৰিব বিচাৰো ৷ মোৰ প্ৰতি তোৰ মৰম
মিহলি খং, তোৰ অভিমান
সদায়েই চাই থাকিব খোজো ৷
কেৱল তোক কাষত বিচাৰো...
আজি তোৰ প্ৰতি মোৰ যি
সীমাহীন ভালপোৱা , ভৱিষ্যতেও তোৰ নামত পাগল
হৈ থাকিব বিচাৰো ঠিক আজিৰ
দৰেই...তোৰ কাষতে থাকি...
গোটেই জীৱন তোৰ ছাঁ হৈ কটাব
বিচাৰো ৷ এটা এটা মূহুৰ্ত তোৰ
লগত পাৰ কৰিব বিচাৰো ৷ পৃথিৱীৰ সমস্ত ৰং তোৰ লগত
চাব বিচাৰো...
কেৱল তোক কাষত
বিচাৰো...গোটেই জীৱন...
No comments:
Post a Comment